Skip to main content

Posts

Showing posts from 2021

Assamese poem ~Tumi je tumare Tulona (তুমি যে তোমাৰ তুলনা) /

জোনৰ লগত মই নকৰোঁ তোমাৰ তুলনা নদীৰ লগত মই নকৰোঁ তোমাৰ তুলনা তুমি জোন হোৱা যদি দূৰলৈ গুচি যাবা তুমি নদী হোৱা যদি দূৰলৈ বৈ যাবা, সেই কথা তুমি কেতিয়াও নাপাহৰিবা, তুমি যে কেৱল তোমাৰেই তুলনা ।। ফুলৰ লগত মই নকৰোঁ তোমাৰ তুলনা পখিলাৰ লগত মই নকৰোঁ তোমাৰ তুলনা তুমি ফুল হোৱা যদি সৰি মজি যাবা তুমি পখিলা হোৱা যদি উৰি গুচি যাবা সেই কথা তুমি কেতিয়াও নাপাহৰিবা, তুমি যে কেৱল তোমাৰেই তুলনা ।। কবিৰ লগত মই  নকৰোঁ তোমাৰ তুলনা ছবিৰ লগত মই নকৰোঁ তোমাৰ তুলনা তুমি কবি হোৱা যদি সকলোৰে হৈ যাবা তুমি ছবি হোৱা যদি কেতিয়াবা মুছি যাবা সেই কথা তুমি কেতিয়াও নাপাহৰিবা, তুমি যে কেৱল তোমাৰেই তুলনা ।।                         

অনুভৱ / অসমীয়া Quotes / ধ্ৰুৱজিৎ বৰ্মন

  অনুভৱ চুক্তিবদ্ধ হৃদয়ত আবেগৰ খেলা নীৰৱ হৈ ৰয় মাথো হুমুনিয়াহ! নিসংগ জীৱনত সংগৰ অভাৱ সংগ বুলি যেতিয়া ধৰিলো নিচাত নিচাই দেখুৱালে মোক নতুন বাট।                         ✍️ ধ্ৰুৱজিৎ বৰ্মন বিভিন্ন ধৰণৰ কবিতাৰ শিতান সমূহ পঢ়িবলৈ  অনুভৱৰ পাতখিলা ব্লগ ৱেবচাইটো visit কৰিব।                             ধন্যবাদ