Skip to main content

Posts

Showing posts from January, 2025

অসমীয়া কথোপকথন (Conversation) ধ্ৰুৱজিৎ বৰ্মন ~ অনুভৱৰ পাতখিলা, বুকুত বিন্ধি যোৱা কিছু কথা ..

কথোপকথন ১.o (ধ্ৰুৱজিৎ বৰ্মন) ●●●●●●●●●●●●●● : কথা এটা সোধো ? : সোধা ? : তুমি আজিও মোক ভালপোৱা ? : বেয়ানো পাইছিলোঁ কোনদিনা ! : মনত পৰে মোলৈ ? : পাহৰিব পাৰিলে চাগে পৰিলে হেতেন ! : মোক তুমি পাহৰি যোৱা নাই ? : আত্মাত যাৰ অৱস্থিতি, তাক জানো পাহৰিব পৰি ! : দুখ নকৰিবা ..! : সুখতেই আছো মই , : তেনেহলে কিয় লিখা, ইমান বিষাদৰ পদ্য ? : নপঢ়িবা , সেইবোৰ আৱৰ্জনা । : বুজি পাওঁ ; : বুজিলে আনৰ নোহোৱায়েই ! : তুমি কষ্ট পাইছা ? : পোৱা নাই বুলি কলে বিশ্বাস কৰিবা ! : মোক ক্ষমা কৰি দিবা ? : সেই অধিকাৰ ঈশ্বৰৰ থাকে , : এয়া অভিশাপ নে আশীৰ্বাদ ? : প্ৰথমটো দিব নোৱাৰো, দ্বিতীয়টো নাজানো । ভগ্ন হৃদয়েৰে কাৰোবাক আকৌ এবাৰ ভালপাওঁ বুলি কোৱাটো  কঠিন, সেয়া ঈশ্বৰ আৰু সময়ে নিৰ্ধাৰণ কৰিব মোৰ জীৱনত আকৌ কোন আহিব , কোন থাকিব। মোৰ আত্মাক তোমাৰ হাতৰ মুঠিত আৰু হৃদয়খনক তোমাৰ দাঁতত লৈ তুমি গুচি গ’লা, তাক লৈ মোৰ কোনো আক্ষেপ নাই, এতিয়া মই  দুয়োটাৰে কোনোটোৱেই ঘূৰাই নিবিচাৰো তোমাৰ পৰা ।।