কথোপকথন ১.o
(ধ্ৰুৱজিৎ বৰ্মন)
●●●●●●●●●●●●●●
: কথা এটা সোধো ?
: সোধা ?
: তুমি আজিও মোক ভালপোৱা ?
: বেয়ানো পাইছিলোঁ কোনদিনা !
: মনত পৰে মোলৈ ?
: পাহৰিব পাৰিলে চাগে পৰিলে হেতেন !
: মোক তুমি পাহৰি যোৱা নাই ?
: আত্মাত যাৰ অৱস্থিতি, তাক জানো পাহৰিব পৰি !
: দুখ নকৰিবা ..!
: সুখতেই আছো মই ,
: তেনেহলে কিয় লিখা, ইমান বিষাদৰ পদ্য ?
: নপঢ়িবা , সেইবোৰ আৱৰ্জনা ।
: বুজি পাওঁ ;
: বুজিলে আনৰ নোহোৱায়েই !
: তুমি কষ্ট পাইছা ?
: পোৱা নাই বুলি কলে বিশ্বাস কৰিবা !
: মোক ক্ষমা কৰি দিবা ?
: সেই অধিকাৰ ঈশ্বৰৰ থাকে ,
: এয়া অভিশাপ নে আশীৰ্বাদ ?
: প্ৰথমটো দিব নোৱাৰো, দ্বিতীয়টো নাজানো ।
ভগ্ন হৃদয়েৰে কাৰোবাক আকৌ এবাৰ ভালপাওঁ বুলি কোৱাটো কঠিন, সেয়া ঈশ্বৰ আৰু সময়ে নিৰ্ধাৰণ কৰিব মোৰ জীৱনত আকৌ কোন আহিব , কোন থাকিব। মোৰ আত্মাক তোমাৰ হাতৰ মুঠিত আৰু হৃদয়খনক তোমাৰ দাঁতত লৈ তুমি গুচি গ’লা, তাক লৈ মোৰ কোনো আক্ষেপ নাই, এতিয়া মই দুয়োটাৰে কোনোটোৱেই ঘূৰাই নিবিচাৰো তোমাৰ পৰা ।।
বৰ ধুনীয়া ❤️
ReplyDelete