কিয় ৰদৰ দৰে নাহাঁহিলা
মোক ভাল নাপালা
সায়ংকালতো মোৰ ওচৰত নাহিলা,
এই মনৰ আজি জন্মদিন
চুপ হৈ থকাটো কঠিন
তোমাৰ ওচৰত খৰস্ৰোতাও গতিহীন।
নতুন প্ৰভাতীয়ে কপাল চুলে তোমাৰেই
দূৰ হৈ গলেও এইটো সঁচা তুমি আমাৰে,
তুমি মোৰেই।
জলে ভিজা নিমীল নয়ন
টোপনি বিচাৰি ৰাতিপুৱা
ৰিক্ত হৃদয় দুটুকুৰা
জীয়াই আছে চেঁচা হুমুনিয়াহ।
গুমুথা মেঘৰ লুকা ভাকু
চুই দিলে চুপচাপ
নিশানা তীৰ স্মৃতিৰ ভিৰ
খামখেয়ালি জীৱন মোৰ।
সেই মেঘবালিকাৰ গল্প হওঁক,
চহৰজুৰি বৃষ্টি হওঁক
তিতি যাওক সকলো,
জীয়াই থাকক অভিমান
কেৱল অভিমান।
নতুন প্ৰভাতীয়ে কপাল চুলে তোমাৰেই
বান্ধি ৰাখিব পাৰিলে তুমিও হলা হৈ আমাৰে,
তুমি মোৰেই।
Comments
Post a Comment