মোৰ হৃদয়ৰ গোলাপ পাহি ফুলছিল,
তোমাৰ মিঠা হাঁহিটিত
মোৰ দুচকুত তীক্ষ্ণ আলোকৰ সৃষ্টি হৈছিল,
তোমাৰ মোৰ প্ৰথম চিনাকিত
মোৰ হৃদপিণ্ডৰ ধপ ধপনি বাঢ়িছিল,
তোমাৰ ওঁঠত স্পৰ্শ হৈ অহা শব্দবোৰে
মোক বৰকৈ আমনি কৰিছিল,
তোমাৰ সেই ধুনীয়া মুখখন
নিজান ৰাতি মোৰ
সাপোনত ভাঁহি উঠিছিল,
হয়তো মই নজনাকে
মোৰ তোমালৈ ভালপোৱা হৈছিল।
Comments
Post a Comment