Skip to main content

অসমীয়া কবিতা~কত ঘূৰাই পাম মোৰ লৰালি

কতনো পাম সেই হাঁহি ধেমালি
কতনো পাম মোৰ সেই লৰালি,
সমনীয়াৰ বালি ঘৰ, কইনা দৰাৰ খেল
আৰু যে কত আছিল আমাৰ গোপনীয় মেল,
মাৰ খংটোৱে মোক বৰ আমনি কৰিছিল
মাৰ মাত নুশুনিলে যেন মোৰ প্ৰাণ হেৰাইছিল,
মাৰ মৰমৰ এষাৰ মাতত বুকু সাত পৰিছিল
মাথোঁ মাৰ হাতৰ ভাতে মোৰ পেট ভৰিছিল,
ভাবিছিলোঁ কেতিয়ানো আমিও ডাঙৰ হম
কৰিব পাৰিম সকলোবোৰ যি যি আছে মন,
কিয়নো হলো ডাঙৰ,
সচাই শৈশবেই ভাল আছিল
নাছিল কোনো চিন্তা নাছিল কোনো ভয়
মাথোঁ হাঁহি ধেমালিৰে পাৰ কৰিছিলোঁ সময়।

📝Shatika Deori Konwar (Bonu)

Comments

  1. জীৱনৰ আৱেগিক status
    "Wow, what an incredible breakthrough! The recent advancements in technology never cease to amaze me. It's mind-boggling to think about how far we've come and the endless possibilities that lie ahead. The future is truly promising, and I can't wait to see what other remarkable innovations await us."

    ReplyDelete

Post a Comment

Popular posts from this blog

Assamese romantic poem~ অসমীয়া ৰোমাণ্টিক কবিতা~ভালপোৱাৰ চিঠিখন

হেঙুলীয়া সূৰ্য্যৰ কিৰণেৰে   তোমাৰ মুখখন চিকমিকাইছিল,   তোমাৰ লাজুকী ওঠৰ হাঁহিটোৱে   সৌন্দৰ্য্য বিৰাজ কৰিছিল।   মেঘালী চুলিটাৰীৰ সুগন্ধি বিলাই   তুমি আহিছিলা,   মোৰ হৃদয়ত কম্পনাংকৰ ঢৌ তুলি।   কাজলসনা চকুজুৰিয়ে কৈ গৈছিল নিশব্দৰে,   তুমি মোক ভালপোৱা বুলি।।   ✍ ধ্ৰুৱজিৎ বৰ্মন

ABHIMAN~অভিমান | Assamese romantic poem

কিয় ৰদৰ দৰে নাহাঁহিলা মোক ভাল নাপালা সায়ংকালতো মোৰ ওচৰত নাহিলা, এই মনৰ আজি জন্মদিন চুপ হৈ থকাটো কঠিন তোমাৰ ওচৰত খৰস্ৰোতাও গতিহীন। নতুন প্ৰভাতীয়ে কপাল চুলে তোমাৰেই দূৰ হৈ গলেও এইটো সঁচা তুমি আমাৰে, তুমি মোৰেই। জলে ভিজা নিমীল নয়ন টোপনি বিচাৰি ৰাতিপুৱা ৰিক্ত হৃদয় দুটুকুৰা জীয়াই আছে চেঁচা হুমুনিয়াহ। গুমুথা মেঘৰ লুকা ভাকু চুই দিলে  চুপচাপ নিশানা তীৰ স্মৃতিৰ ভিৰ খামখেয়ালি জীৱন মোৰ। সেই মেঘবালিকাৰ গল্প হওঁক, চহৰজুৰি  বৃষ্টি হওঁক তিতি যাওক সকলো, জীয়াই থাকক অভিমান কেৱল অভিমান। নতুন প্ৰভাতীয়ে কপাল চুলে তোমাৰেই বান্ধি ৰাখিব পাৰিলে তুমিও হলা হৈ আমাৰে, তুমি মোৰেই।                     

Assamese romantic poem~ প্ৰেমৰ অনুভূতি

তোমাক প্ৰথম দেখাত মোৰ হৃদয়ৰ গোলাপ পাহি ফুলছিল, তোমাৰ মিঠা হাঁহিটিত মোৰ দুচকুত তীক্ষ্ণ আলোকৰ সৃষ্টি হৈছিল, তোমাৰ মোৰ প্ৰথম চিনাকিত মোৰ হৃদপিণ্ডৰ ধপ ধপনি বাঢ়িছিল, তোমাৰ ওঁঠত স্পৰ্শ হৈ অহা শব্দবোৰে মোক বৰকৈ আমনি কৰিছিল, তোমাৰ সেই ধুনীয়া মুখখন নিজান ৰাতি মোৰ সাপোনত ভাঁহি উঠিছিল, হয়তো মই নজনাকে মোৰ তোমালৈ ভালপোৱা হৈছিল।    ✍ধ্ৰুৱজিৎ বৰ্মণ