Skip to main content

অসমীয়া কবিতা~কত ঘূৰাই পাম মোৰ লৰালি

কতনো পাম সেই হাঁহি ধেমালি
কতনো পাম মোৰ সেই লৰালি,
সমনীয়াৰ বালি ঘৰ, কইনা দৰাৰ খেল
আৰু যে কত আছিল আমাৰ গোপনীয় মেল,
মাৰ খংটোৱে মোক বৰ আমনি কৰিছিল
মাৰ মাত নুশুনিলে যেন মোৰ প্ৰাণ হেৰাইছিল,
মাৰ মৰমৰ এষাৰ মাতত বুকু সাত পৰিছিল
মাথোঁ মাৰ হাতৰ ভাতে মোৰ পেট ভৰিছিল,
ভাবিছিলোঁ কেতিয়ানো আমিও ডাঙৰ হম
কৰিব পাৰিম সকলোবোৰ যি যি আছে মন,
কিয়নো হলো ডাঙৰ,
সচাই শৈশবেই ভাল আছিল
নাছিল কোনো চিন্তা নাছিল কোনো ভয়
মাথোঁ হাঁহি ধেমালিৰে পাৰ কৰিছিলোঁ সময়।

📝Shatika Deori Konwar (Bonu)

Comments

  1. জীৱনৰ আৱেগিক status
    "Wow, what an incredible breakthrough! The recent advancements in technology never cease to amaze me. It's mind-boggling to think about how far we've come and the endless possibilities that lie ahead. The future is truly promising, and I can't wait to see what other remarkable innovations await us."

    ReplyDelete

Post a Comment