ঢৌ হৈ আহি পাৰলৈ আনিম প্ৰেমৰ নিনাদ,
দূৰে দূৰে থাকি তোমালৈ চটিয়াই যাম অাবতৰীয়া পলাশ।
কিয় জানো তুমি মোৰ হিয়াতে জিলিকা তৰা,
থমকি নৰওঁ বুলি ভাৱিও বৰকৈ আমনি কৰা।
পলাশ হৈ আকৌ ফুলিব মন,
নৈ হৈ পুনৰাই বৈ যাবৰ মন,
ফাগুণৰ মলয়া হৈ আকৌ উৰি যাবৰ মন তোমাৰ কাষলৈ…।
যেন সময়েও চিঞৰি চিঞৰি কয়,
এয়া হেনো মোৰ বুকুৰ প্ৰণয়ৰ বান…।
✍ধিৰাজ মেধি
সুন্দৰ ❤️
ReplyDelete