Skip to main content

প্ৰপোজেল , চুটি গল্প, Short Story

লৰাজনে আঠুকাঢ়ি বহি লৈ গোলাপফুল পাহ ছোৱালীজনীৰ পিনে আগবঢ়াই দি কলে, ৰূপ চাই সকলোৱে ভাল পাই কিন্তু মই তোমাক মনৰ পৰা ভালপাওঁ। ছোৱালীজনীয়ে অলপ সময় মনে মনে থাকিল তাৰ পিছত তাইৰ কাণৰ কাষত থকা চুলিটাৰি গুচাই দিলে, দেখা মাত্ৰেই উচপ খাই উঠিল লৰাজন। সাম্প্ৰতিকভাৱে কাৰোবাৰদ্বাৰা এচিড আক্ৰমণৰ বলি তেওঁ। ডিঙিৰ পৰা গাৰ চাল পুৰি একপ্ৰকাৰৰ  বিভৎস আকাৰ ধাৰণ কৰিছে, যি তেওঁ চুলিটাৰিৰে ধাকি সমাজৰ পৰা লুকাই ৰাখিছিল দীৰ্ঘদিন।
         লৰাজনে তেতিয়া একপ্ৰকাৰ ঘৃণাৰে  মুখখন ঘূৰাই দিলে আৰু পিছুৱাই যাবলৈ আৰম্ভ কৰিলে। লৰাজনক পিছুৱাই যোৱা দেখি তলমূৰ কৰি মৃদু ভাবে হাঁহিলে বৃষ্টিয়ে।
         কেইদিন মান আগতে বৃষ্টিৰ দেউতাকৰ  এক দূৰসম্পৰ্কৰ  আত্মীয়ৰ লৰাৰ লগত বৃষ্টিৰ বিয়া ঠিক কৰিছিল, সেই লৰা জনৰ লগত প্ৰথমবাৰৰ বাবে  দেখা সাক্ষাৎ কৰিবলৈ আজি ইয়ালৈ আহিছিল বৃষ্টিয়ে। বৃষ্টিৰ সেই গাত পুৰা দাগ দেখি বিয়াখনও ভাঙি থাকিল। কেইদিনমান যোৱাৰ পিছত আত্মীয়ৰ লৰা জনৰ  অন্য এজনী ছোৱালীৰ লগত বিয়া ঠিক হল। বিয়াৰ ৰিছিপচনৰ সন্ধিয়াত আত্মীয় আৰু বন্ধুবৰ্গৰ হাজাৰ উপহাৰৰ লগত আহিছিল এটি অচিনাকি উপহাৰ, যাৰ ওপৰত লিখা আছিল বৃষ্টি।
          উপহাৰটো খোলাৰ লগে লগে তাৰ পৰা ওলাল এটি কোচমোচ খোৱা স্টিকাৰ আৰু লগতে এখন চিঠি, যত লিখা আছিল - মুখেৰে কোৱাটো যিমান সহজ মনৰ পৰা ভালপোৱাটো সিমান সহজ নহয় ছাৰ। এইটো হল সেই স্টিকাৰ যিটো আপুনি মোৰ শৰীৰত দেখি  পিছুৱাই গৈছিল। দুশ টকাৰ এটি  সস্তাৰ স্টিকাৰ আপোনাৰ মনৰ দুৰ্মূল্য ভালপোৱাক ইমান সহজতেই দুৰ্বল কৰি দিলে। প্ৰাৰ্থনা কৰক এই স্টিকাৰটোৰ দৰে বয়সবৃদ্ধি হলে যিদিনা আপোনাৰ সুন্দৰী পত্নীজনীৰ শৰীৰৰ চাল কোচমোচ (শতৰা) পৰিবলৈ আৰম্ভ কৰিব তেতিয়া আপোনাৰ ভৰি দুখন যাতে সেইদিনাৰ দৰে ঘৃণাত পিছুৱাই নাহে। আপোনাৰ বৈবাহিক জীৱন অক্ষয় হওঁক।

      সেইদিনা বৃষ্টিয়ে পঠিওৱা উপহাৰটো কেৱল মাত্ৰ উপহাৰ নাছিল, আছিল মনুষ্যত্বৰ ফিতাৰে বন্ধা এবাকচ বিবেক আৰু চেতনা।।

Comments

Popular posts from this blog

Assamese romantic poem~ অসমীয়া ৰোমাণ্টিক কবিতা~ভালপোৱাৰ চিঠিখন

হেঙুলীয়া সূৰ্য্যৰ কিৰণেৰে   তোমাৰ মুখখন চিকমিকাইছিল,   তোমাৰ লাজুকী ওঠৰ হাঁহিটোৱে   সৌন্দৰ্য্য বিৰাজ কৰিছিল।   মেঘালী চুলিটাৰীৰ সুগন্ধি বিলাই   তুমি আহিছিলা,   মোৰ হৃদয়ত কম্পনাংকৰ ঢৌ তুলি।   কাজলসনা চকুজুৰিয়ে কৈ গৈছিল নিশব্দৰে,   তুমি মোক ভালপোৱা বুলি।।   ✍ ধ্ৰুৱজিৎ বৰ্মন

ABHIMAN~অভিমান | Assamese romantic poem

কিয় ৰদৰ দৰে নাহাঁহিলা মোক ভাল নাপালা সায়ংকালতো মোৰ ওচৰত নাহিলা, এই মনৰ আজি জন্মদিন চুপ হৈ থকাটো কঠিন তোমাৰ ওচৰত খৰস্ৰোতাও গতিহীন। নতুন প্ৰভাতীয়ে কপাল চুলে তোমাৰেই দূৰ হৈ গলেও এইটো সঁচা তুমি আমাৰে, তুমি মোৰেই। জলে ভিজা নিমীল নয়ন টোপনি বিচাৰি ৰাতিপুৱা ৰিক্ত হৃদয় দুটুকুৰা জীয়াই আছে চেঁচা হুমুনিয়াহ। গুমুথা মেঘৰ লুকা ভাকু চুই দিলে  চুপচাপ নিশানা তীৰ স্মৃতিৰ ভিৰ খামখেয়ালি জীৱন মোৰ। সেই মেঘবালিকাৰ গল্প হওঁক, চহৰজুৰি  বৃষ্টি হওঁক তিতি যাওক সকলো, জীয়াই থাকক অভিমান কেৱল অভিমান। নতুন প্ৰভাতীয়ে কপাল চুলে তোমাৰেই বান্ধি ৰাখিব পাৰিলে তুমিও হলা হৈ আমাৰে, তুমি মোৰেই।                     

Assamese romantic poem~ প্ৰেমৰ অনুভূতি

তোমাক প্ৰথম দেখাত মোৰ হৃদয়ৰ গোলাপ পাহি ফুলছিল, তোমাৰ মিঠা হাঁহিটিত মোৰ দুচকুত তীক্ষ্ণ আলোকৰ সৃষ্টি হৈছিল, তোমাৰ মোৰ প্ৰথম চিনাকিত মোৰ হৃদপিণ্ডৰ ধপ ধপনি বাঢ়িছিল, তোমাৰ ওঁঠত স্পৰ্শ হৈ অহা শব্দবোৰে মোক বৰকৈ আমনি কৰিছিল, তোমাৰ সেই ধুনীয়া মুখখন নিজান ৰাতি মোৰ সাপোনত ভাঁহি উঠিছিল, হয়তো মই নজনাকে মোৰ তোমালৈ ভালপোৱা হৈছিল।    ✍ধ্ৰুৱজিৎ বৰ্মণ