Skip to main content

মই বিচৰা নাই, Moi Bisora Nai

মই বিচৰা নাই এনেদৰে  বিদায় লবলৈ
বিচৰা নাই মই মায়া ভৰা দুচকুৰে  অশ্ৰু নিগৰাবলৈ
বিচৰা নাই জীয়াই থাকিও আতৰি থাকিবলৈ
তোমাক এপলক চোৱাৰ বাবে আকাশৰ পিনে চাই থাকিবলৈ,
বিচাৰিছোঁ ৰাতিপুৱাৰ নিয়ৰ ভিজা দুৱৰিত দুভৰি তিয়াবলৈ।

মই বিচৰা নাই এনেদৰে অপেক্ষা কৰিবলৈ
বিচৰা নাই অপূৰ্ব ফুলৰ বাগিছাৰ
সেই অচিনাকি পথটোৰ পিনে চাই থাকিবলৈ,
বিচৰা নাই অস্পষ্ট সেই ওৰনি টানি থকা
ছোৱালী জনীৰ বাবে বহি থাকিবলৈ
বিচাৰিছোঁ সেই চিপচিপিয়া বৰষুণ জাকত
আনন্দতে দুয়ো তিতিবলৈ।

মই বিচৰা নাই পূৰ্ণিমা ৰাতি অকলে বহি থাকিবলৈ
বিচৰা নাই জোনৰ পোহৰত নিৰবে কান্দিবলৈ
বিচৰা নাই জোনাকী পৰুৱাৰ দৰে ৰাতি সাৰে থাকিবলৈ ,
আন্ধাৰৰ মাজতো তোমাক বিচাৰিবলৈ
বিচাৰিছোঁ মৰুভূমিৰ বুকুত বৃষ্টি নমাবলৈ।

মই বিচৰা নাই তোমাৰ পথৰ হেঙাৰ হবলৈ
বিচৰা নাই দুয়োজনে দুফালে মুখ ঘুৰাই থাকিবলৈ
বিচৰা নাই কোনোদিনে তোমাক হেৰুৱাবলৈ,
নিৰবে বুকু ফালি কান্দিবলৈ
বিচাৰিছোঁ কেৱল দুখন হৃদয়ৰ মাজত ফোৱাৰা তুলিবলৈ।

         ধ্ৰুৱজিৎ বৰ্মন

Comments

Popular posts from this blog

Assamese romantic poem~ অসমীয়া ৰোমাণ্টিক কবিতা~ভালপোৱাৰ চিঠিখন

হেঙুলীয়া সূৰ্য্যৰ কিৰণেৰে   তোমাৰ মুখখন চিকমিকাইছিল,   তোমাৰ লাজুকী ওঠৰ হাঁহিটোৱে   সৌন্দৰ্য্য বিৰাজ কৰিছিল।   মেঘালী চুলিটাৰীৰ সুগন্ধি বিলাই   তুমি আহিছিলা,   মোৰ হৃদয়ত কম্পনাংকৰ ঢৌ তুলি।   কাজলসনা চকুজুৰিয়ে কৈ গৈছিল নিশব্দৰে,   তুমি মোক ভালপোৱা বুলি।।   ✍ ধ্ৰুৱজিৎ বৰ্মন

ABHIMAN~অভিমান | Assamese romantic poem

কিয় ৰদৰ দৰে নাহাঁহিলা মোক ভাল নাপালা সায়ংকালতো মোৰ ওচৰত নাহিলা, এই মনৰ আজি জন্মদিন চুপ হৈ থকাটো কঠিন তোমাৰ ওচৰত খৰস্ৰোতাও গতিহীন। নতুন প্ৰভাতীয়ে কপাল চুলে তোমাৰেই দূৰ হৈ গলেও এইটো সঁচা তুমি আমাৰে, তুমি মোৰেই। জলে ভিজা নিমীল নয়ন টোপনি বিচাৰি ৰাতিপুৱা ৰিক্ত হৃদয় দুটুকুৰা জীয়াই আছে চেঁচা হুমুনিয়াহ। গুমুথা মেঘৰ লুকা ভাকু চুই দিলে  চুপচাপ নিশানা তীৰ স্মৃতিৰ ভিৰ খামখেয়ালি জীৱন মোৰ। সেই মেঘবালিকাৰ গল্প হওঁক, চহৰজুৰি  বৃষ্টি হওঁক তিতি যাওক সকলো, জীয়াই থাকক অভিমান কেৱল অভিমান। নতুন প্ৰভাতীয়ে কপাল চুলে তোমাৰেই বান্ধি ৰাখিব পাৰিলে তুমিও হলা হৈ আমাৰে, তুমি মোৰেই।                     

Assamese romantic poem~ প্ৰেমৰ অনুভূতি

তোমাক প্ৰথম দেখাত মোৰ হৃদয়ৰ গোলাপ পাহি ফুলছিল, তোমাৰ মিঠা হাঁহিটিত মোৰ দুচকুত তীক্ষ্ণ আলোকৰ সৃষ্টি হৈছিল, তোমাৰ মোৰ প্ৰথম চিনাকিত মোৰ হৃদপিণ্ডৰ ধপ ধপনি বাঢ়িছিল, তোমাৰ ওঁঠত স্পৰ্শ হৈ অহা শব্দবোৰে মোক বৰকৈ আমনি কৰিছিল, তোমাৰ সেই ধুনীয়া মুখখন নিজান ৰাতি মোৰ সাপোনত ভাঁহি উঠিছিল, হয়তো মই নজনাকে মোৰ তোমালৈ ভালপোৱা হৈছিল।    ✍ধ্ৰুৱজিৎ বৰ্মণ