Skip to main content

Posts

অসমীয়া কথোপকথন (Conversation) ধ্ৰুৱজিৎ বৰ্মন ~ অনুভৱৰ পাতখিলা, বুকুত বিন্ধি যোৱা কিছু কথা ..

কথোপকথন ১.o (ধ্ৰুৱজিৎ বৰ্মন) ●●●●●●●●●●●●●● : কথা এটা সোধো ? : সোধা ? : তুমি আজিও মোক ভালপোৱা ? : বেয়ানো পাইছিলোঁ কোনদিনা ! : মনত পৰে মোলৈ ? : পাহৰিব পাৰিলে চাগে পৰিলে হেতেন ! : মোক তুমি পাহৰি যোৱা নাই ? : আত্মাত যাৰ অৱস্থিতি, তাক জানো পাহৰিব পৰি ! : দুখ নকৰিবা ..! : সুখতেই আছো মই , : তেনেহলে কিয় লিখা, ইমান বিষাদৰ পদ্য ? : নপঢ়িবা , সেইবোৰ আৱৰ্জনা । : বুজি পাওঁ ; : বুজিলে আনৰ নোহোৱায়েই ! : তুমি কষ্ট পাইছা ? : পোৱা নাই বুলি কলে বিশ্বাস কৰিবা ! : মোক ক্ষমা কৰি দিবা ? : সেই অধিকাৰ ঈশ্বৰৰ থাকে , : এয়া অভিশাপ নে আশীৰ্বাদ ? : প্ৰথমটো দিব নোৱাৰো, দ্বিতীয়টো নাজানো । ভগ্ন হৃদয়েৰে কাৰোবাক আকৌ এবাৰ ভালপাওঁ বুলি কোৱাটো  কঠিন, সেয়া ঈশ্বৰ আৰু সময়ে নিৰ্ধাৰণ কৰিব মোৰ জীৱনত আকৌ কোন আহিব , কোন থাকিব। মোৰ আত্মাক তোমাৰ হাতৰ মুঠিত আৰু হৃদয়খনক তোমাৰ দাঁতত লৈ তুমি গুচি গ’লা, তাক লৈ মোৰ কোনো আক্ষেপ নাই, এতিয়া মই  দুয়োটাৰে কোনোটোৱেই ঘূৰাই নিবিচাৰো তোমাৰ পৰা ।।            
Recent posts

Assamese poem ~Tumi je tumare Tulona (তুমি যে তোমাৰ তুলনা) /

জোনৰ লগত মই নকৰোঁ তোমাৰ তুলনা নদীৰ লগত মই নকৰোঁ তোমাৰ তুলনা তুমি জোন হোৱা যদি দূৰলৈ গুচি যাবা তুমি নদী হোৱা যদি দূৰলৈ বৈ যাবা, সেই কথা তুমি কেতিয়াও নাপাহৰিবা, তুমি যে কেৱল তোমাৰেই তুলনা ।। ফুলৰ লগত মই নকৰোঁ তোমাৰ তুলনা পখিলাৰ লগত মই নকৰোঁ তোমাৰ তুলনা তুমি ফুল হোৱা যদি সৰি মজি যাবা তুমি পখিলা হোৱা যদি উৰি গুচি যাবা সেই কথা তুমি কেতিয়াও নাপাহৰিবা, তুমি যে কেৱল তোমাৰেই তুলনা ।। কবিৰ লগত মই  নকৰোঁ তোমাৰ তুলনা ছবিৰ লগত মই নকৰোঁ তোমাৰ তুলনা তুমি কবি হোৱা যদি সকলোৰে হৈ যাবা তুমি ছবি হোৱা যদি কেতিয়াবা মুছি যাবা সেই কথা তুমি কেতিয়াও নাপাহৰিবা, তুমি যে কেৱল তোমাৰেই তুলনা ।।                         

অনুভৱ / অসমীয়া Quotes / ধ্ৰুৱজিৎ বৰ্মন

  অনুভৱ চুক্তিবদ্ধ হৃদয়ত আবেগৰ খেলা নীৰৱ হৈ ৰয় মাথো হুমুনিয়াহ! নিসংগ জীৱনত সংগৰ অভাৱ সংগ বুলি যেতিয়া ধৰিলো নিচাত নিচাই দেখুৱালে মোক নতুন বাট।                         ✍️ ধ্ৰুৱজিৎ বৰ্মন বিভিন্ন ধৰণৰ কবিতাৰ শিতান সমূহ পঢ়িবলৈ  অনুভৱৰ পাতখিলা ব্লগ ৱেবচাইটো visit কৰিব।                             ধন্যবাদ

আজিৰ সমাজ | Ajir Samaj | অসমীয়া গঠন মূলক লিখনি

এয়াই সমাজ লাজ কৰা উচিত, ধর্ষিতাক খেদি দিয়া,আকৌ বেলেগৰ স্ত্রীক লৈ পলোৱাই সংসাৰ কৰা,,, বেশ্যাক ঘৃণা কৰা,আকৌ ৰাতিৰ আন্ধাৰত বেশ্যাক  বুকুত সাৱটি ধৰা....! 500 টকাত কাপোৰ খুলিলে ছোৱাল‌ী হয় বেশ্যা, আৰু 50000 টকাত কাপোৰ খুলিলেই হয় নায়িকা.! আবেগত কাপোৰ খুলিলে হয় বান্ধবী, আৰ অভাৱত কাপোৰ খুলিলে হয় ...... এঞ্জেল,জেৰিন খান,কেটৰিনা কাইফ,সানি লেউনে কাপোৰ খুলিলে হয় স্মার্ট,,, বিয়াৰ আগত কাপোৰ খুলিলে হয় চৰিত্রহীন,বিয়াৰ পিছত কাপোৰ খুলিলে হয় মেইন্টেনিং সোসাইটি...! ধর্ষিতা কেতিয়াওঁ নিজৰ ইচ্ছাত ধর্ষণ নহয়,, কিন্তু সকলোৱে জানি বুজিওঁ ধর্ষিতাক কাষত যাবলৈ নিদিয়ে,আকৌ বিবাহিত মহিলাক লৈ শাৰীৰিক সম্পর্ক কৰিলে নিজৰ ওপৰত ঘৃনা অনুভৱ নহয় নেকি, সচা কথাটে হল,কাপোৰ সকলোৱে খুলে,আৰু কাপোৰ খোলাটো কোনো ফ্যাক্ট নহয়,ফ্যাক্ট হল এই সমাজে বেয়াকৈ দেখাটো, কাপোৰ খুলিলে কোনেওঁ বেশ্যা নহয়, এই সমাজত সেইবোৰে বেশ্যা তৈয়াৰ কৰে, নাৰীৰ প্রতিটো কু-কর্মত পুৰুষ জড়িত, কাৰন এখন হাতত তালি নাবাজে, অথচ বেছিভাগ পুৰুষেই অপৰাধ কৰি মানুহৰ সন্মুখতে দি গুচি যায়,কিন্তু অপৰাধত শাস্তি পায় নাৰীয়ে,,,,.! যিজন লৰা প্রেমত ধোকা খাই ছোৱালীবোৰক গালি ...

ABHIMAN~অভিমান | Assamese romantic poem

কিয় ৰদৰ দৰে নাহাঁহিলা মোক ভাল নাপালা সায়ংকালতো মোৰ ওচৰত নাহিলা, এই মনৰ আজি জন্মদিন চুপ হৈ থকাটো কঠিন তোমাৰ ওচৰত খৰস্ৰোতাও গতিহীন। নতুন প্ৰভাতীয়ে কপাল চুলে তোমাৰেই দূৰ হৈ গলেও এইটো সঁচা তুমি আমাৰে, তুমি মোৰেই। জলে ভিজা নিমীল নয়ন টোপনি বিচাৰি ৰাতিপুৱা ৰিক্ত হৃদয় দুটুকুৰা জীয়াই আছে চেঁচা হুমুনিয়াহ। গুমুথা মেঘৰ লুকা ভাকু চুই দিলে  চুপচাপ নিশানা তীৰ স্মৃতিৰ ভিৰ খামখেয়ালি জীৱন মোৰ। সেই মেঘবালিকাৰ গল্প হওঁক, চহৰজুৰি  বৃষ্টি হওঁক তিতি যাওক সকলো, জীয়াই থাকক অভিমান কেৱল অভিমান। নতুন প্ৰভাতীয়ে কপাল চুলে তোমাৰেই বান্ধি ৰাখিব পাৰিলে তুমিও হলা হৈ আমাৰে, তুমি মোৰেই।                     

মই বিচৰা নাই, Moi Bisora Nai

মই বিচৰা নাই এনেদৰে  বিদায় লবলৈ বিচৰা নাই মই মায়া ভৰা দুচকুৰে  অশ্ৰু নিগৰাবলৈ বিচৰা নাই জীয়াই থাকিও আতৰি থাকিবলৈ তোমাক এপলক চোৱাৰ বাবে আকাশৰ পিনে চাই থাকিবলৈ, বিচাৰিছো...

প্ৰপোজেল , চুটি গল্প, Short Story

লৰাজনে আঠুকাঢ়ি বহি লৈ গোলাপফুল পাহ ছোৱালীজনীৰ পিনে আগবঢ়াই দি কলে, ৰূপ চাই সকলোৱে ভাল পাই কিন্তু মই তোমাক মনৰ পৰা ভালপাওঁ। ছোৱালীজনীয়ে অলপ সময় মনে মনে থাকিল তাৰ পিছত তাইৰ ...