কৃষ্ণচূড়াৰ ডালত বহি
কুলিয়ে বিনাইছে,
কুলি চৰাইৰ মিঠা মাতত
বহাগ আহিছে,
বহাগীয়ে লৈ আহিছে
প্ৰেমৰ মিঠা সুবাস।
নেঘেৰী খোপাতিত কপৌ পাহি গুজি লৈ
ৰঙা পৰীৰ ৰিহাৰ ভাঁজে ভাঁজে,
ঢোল পেপাৰ মাতত বহাগীয়ে
কঁকাল ভাগি ভাগি নাচিছে।
চোৱা মদাৰৰ ৰঙাবোৰ
দুওঁঠত আঁকি লৈ
বহাগীয়ে মিচিকিয়াই হাঁহিছে,
ডিঙিত জোনবিৰি মূৰত জাপি
শুৱনি মুগা ৰিহাখন পিন্ধি,
কপালী তলত অৰুণ ৰঙা ফোঁট
জিলিকিছে দুচকুৰ কাজল চাৱনিত।।
✍ ধ্ৰুৱজিৎ বৰ্মণ
Comments
Post a Comment