এসাঁজ বগা কাপোৰ
চিৰস্থায়ী ভাৱে মাৰ যোৱা
এটা ৰঙা বেলি
মুক্ত আকাশৰ গৰাকী
আবেগ অনুভৱ হেচুকি
কৰে ক্ৰন্দন,
পিন্ধিব নোৱাৰে আ-অলংকাৰ
ধৰিব নোৱাৰে পুৱাৰ ৰঙা বেলিটিক
যেন মৰহি যোৱা এটা ফুলৰ ঠোপা
দিন যাওক ৰাতি আহক
তেওঁ যেন
সেই অন্ধকাৰ কোঠালিতেই
মৰহি থকা ফুল পাহ।।
✍ ধীৰাজ মেধি
Click here For Red Assamese Poem, quotes, Story
ReplyDelete