চাৰিওফালে একুৰা জুই,
কীট পতংগৰ দৰে,
মৃত্যু হৈছে মানৱতাৰ!
বিনষ্ট হৈছে সেউজীয়া সুন্দৰ পৃথিৱীৰ,
ধ্বংসৰ কড়াল গ্ৰাসত,
জীয়াতু ভূগিছে মানৱে।
বৃদ্ধিৰ হ্ৰাসত হত্যা ধৰ্ষণ লুণ্ঠন,
পৃষ্ঠাৰে ভৰি পৰিছে খবৰ কাগজ,
সভ্য পৃথিৱীৰ অসভ্যস্বৰূপ!
সকলো অন্ধ..
কাৰ বিননী কোনে শুনিব,
যন্ত্ৰণাত চিঞৰি চিঞৰি
কান্দিছে আই ধৰিত্ৰীয়েও,
ধৰ্ষিতাৰ কান্দোনত,
বিদ্ৰোহ কৰিছে বেলিটিৱেও।
দোষীৰ কোনো শ্ৰেণী নাই
ৰজা-প্ৰজা, জাতি ধৰ্ম নিৰ্বিশেষে
প্ৰতিফলিত তেওঁৰ শাস্তিৱেই
জীৱশ্ৰেষ্ঠ মানৱৰ মাজত,
হওক আইন প্ৰণয়ন,
যত নাম শুনিলেই
কপিব লাগিব বলৎকাৰী লোক!
শ্ৰেষ্ঠ হওঁক প্ৰকৃতি,
ৰক্ষা হওঁক নাৰী
বলৱতৰ মাজত আধুনিকতাৰ ভেকুৱামী
আমাক এখন সুস্থ আৰু সৱল আইন লাগে
যত মানৱতাৰ অপমৃত্যু নঘটে।
✍ ধীৰাজ মেধি
সুন্দৰ
ReplyDelete